মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ লোকনিৰ্মাণ বিভাগ (পথ) অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান

বিটুমেন

বিটুমেন হৈছে কিছুমান অৰ্গেনিক জুলীয়া পদাৰ্থ যিবোৰ বেছিকৈ ডাঠ, ক'লা, আঠাজাতীয় আৰু কাৰ্বন ডাই চালফাইদত সম্পূৰ্ণভা‌ৱে দ্ৰ‌ৱীভূত হ'ব পৰা এটা মিশ্ৰণ । ই মূলত তীব্ৰভা‌ৱে কনডেন্স হৈ থকা পলিচাইক্লিক এৰোমেটিক হাইড্ৰোকাৰ্বনৰে গঠিত । বিটুমেন মূলত: ৰাষ্টাৰ প্ৰলেপ দিয়াৰ বাবে ব্য‌ৱহৃত হয় আৰু সেয়ে ইয়াক এই উদ্যোগত ক'লা সোণ বুলি জনা যায় । ভাৰতৰ প্ৰায় ৮৫% পকী ৰাস্তা এনে ধৰণৰ ফ্লেক্সিবল ধৰণৰ আৰু সেয়ে বিটুমেনৰ গ‌ৱেষণাই এই ক্ষেত্ৰত শীৰ্ষস্থান লাভ কৰিছে ।

পৰীক্ষাগাৰে বিটুমেনৰ ওপৰত কৰিবলগীয়া প্ৰায় সকলোখিনি মূল পৰীক্ষাৰে সঁজুলি আৰু সা-সুবিধা যোগান ধৰিছে । অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিটুমেন শাখা হৈছে এটা অতি গুৰুত্পূৰ্ণ পৰীক্ষাগাৰ । এগ্ৰিগ্ৰেটৰ নিচিনা (কোৰ্চ আৰু ফাইন) , বিটুমেন, ইমালচন, হাইড্ৰেটেড লাইম পাউদাৰ আদি ফ্লেক্সিবল পথ নিৰ্মাণ সামগ্ৰীৰ বিটুমেন শাখাই সমন্বয় স্থাপন কৰে আৰু খেয়াল ৰাখে ।

ৰাষ্টাৰ কাম কৰিব পৰা বিটুমেনৰ বাবে পেনিট্ৰেছন মূল্য ,ডাক্টেবিলিতি মূল্য , চফ্টেনিং পইন্ট , স্পেচিফিক মধ্যাকৰ্ষণ , ভিচকোচিতি আৰু অন্য সম্বন্ধীয় নিৰীক্ষা বোৰ ISৰ নিৰ্ধাৰিত চৰ্তমতে আৰু IRC নীতি-নিৰ্দেশনামতে সম্পন্ন কৰা হয়। সংশোধিত কৰা বিটুমেন যেনে PMB আৰু CRMBৰ বাবে প্ৰয়োজনীয় নিৰিক্ষাৰ লগতে ইলাষ্টিক ৰিকোভাৰী নিৰীক্ষা ইয়াত কৰা হয় ।

SS1, SS2,MS, RS1 আৰু RS2 ৰ উৎপাদিত বিটুমেনৰ ইমালচনৰ বাবে চিয়েভ নিৰীক্ষা , বাস্পীভ‌ৱন নিৰীক্ষা , ক্ষীন পৰ্দাৰ অ'ভেন নিৰীক্ষা , ৰেচিডিও নিৰীক্ষা আদি এই পৰীক্ষাগাৰত কৰা হয় ।

বিটুমেন শাখাই মাৰ্ছাল পদ্ধতিৰে মিটুমিনাছ মিশ্ৰিত ডিজাইনৰ বাবেও কাম কৰে । তেনে কিছু মিশ্ৰিত ডিজাইন হ'ল BM, SDBC, DBM, BC, DAC আদিৰ বাবে । এইটো উল্লেখযোগ্য যে এয়াৰপোৰ্টৰ ৰান‌ৱেত ব্য‌ৱহাৰ কৰা মিশ্ৰিত বিটুমিনাচ ডিজাইনৰ কাম-কাজো ইয়াত কৰা হয় । মাষ্টিক আসফাল্ট কংক্ৰিট ডিজাইনৰ বাবে প্ৰয়োজন হো‌ৱা আটাইখিনি সা-সঁজুলি আৰু মাস্টিকৰ বাবে হাৰ্ডনেচ নম্বৰ সম্পাদন কৰিবলৈও সকলোখিনি ইয়াত উপলব্ধ ।

বাম্প ইন্টিগ্ৰেটৰ যোগেদি খহতাৰ পৰিমাণ, বিটুমিনাচ মিশ্ৰণৰপৰা বিটুমিন নিষ্কাষণো এই পৰীক্ষাগাৰত নিখুঁতভা‌ৱে কৰিব পাৰি । এই পৰীক্ষাৰ লগতে অন্য নিৰীক্ষা যেনে ইন্সটিদেনচিতি, পেভমেন্টৰ ডাঠ গুণ, আৰু এগ্ৰিগ্ৰেটৰ পাৰ্থি‌ৱ গুণ এই শাখাত সম্পন্ন কৰা হয় ।

বিটুমেন পৰীক্ষাগাৰত সম্পন কৰা পৰীক্ষাসমূহ অনুমোদিত দৰৰ সৈতে তলত দিয়া হ'ল -

ক্ষেত্ৰ৯৬ বৰ্গ মিটাৰ
পৰীক্ষাগাৰ  কৰ্মচাৰীসহকাৰী গ‌ৱেষণা বিষয়া -১ জন , বিয়েৰাৰ – ২জন
যোগাযোগসঞ্চালক, অসম পথ গ‌ৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান , PWRD,
ফতাশিল, আমবাৰী , গু‌ৱাহাটী -২৫
অসম
ইমেইলrrldirector@gmail.com
arrntisociety@gmail.com
 
ক্ৰমিক নং-পৰীক্ষাগাৰৰ নামনিৰীক্ষাৰ নামনিৰীক্ষাৰ দৰ   (টকা )ব্য‌ৱহৃত সঁজুলি /সামগ্ৰী
বিতুমিন  শাখাপেনিট্ৰেশ্যন২৮০স্বয়ংক্ৰিয় পেনেট্ৰো মিটাৰ
ডক্টেলিটি২৬৬ডক্টেলো মিটাৰ
স্পেচিফিক মধ্যাকৰ্ষণ১৪০বোৰোচিলবিকাৰ , ভাৰসাম্য , ডিষ্টিল পানী  , থাৰ্মোমিটাৰ  আদি .
বিতুমেন শাখাচফ্টেনিং পইন্ট৩০৫ৰিং  আৰু  বল  সামগ্ৰী , শীতলীকৰণ যন্ত্ৰ
বাইন্দাৰ পৰিমাণ  (ক্ষেত্ৰ আৰু পৰীক্ষাগাৰ দুয়োটা)৭৮৪বিটুমেন এষ্ট্ৰেক্টৰ
বিশেষ পেনেট্ৰিছনৰ ৰেচিডিউ নিৰূপন কৰা  ৩১৫অটোমেটিক পেনেট্ৰো মিটাৰ
ভিস্কোচিতি১৫১টাৰ ভিস্কো মিটাৰ , যেনে- Volt Viscoমিটাৰ
ফ্লাছ পইন্ট  আৰু ফায়াৰ পইন্ট২৬৬ফ্লাছ পইন্ট  আৰু ফায়াৰ পইন্ট  সামগ্ৰী
৯. 600 Sieveৰ ওপৰত ৰেচিডিউ৪১৮৬০০মাইক্ৰণ Sieve, ভাৰসাম্য , বৰোচিল বিকাৰ, থাৰ্মোমিটাৰ  আদি .
১০.পানীৰ সৈতে ইমালচনৰ মিছিবিলিটি২৬০ভাৰসাম্য , বোৰোচিল বিকাৰ , থাৰ্মো মিটাৰ  আদি .
১১.বাস্পীভ‌ৱনৰ ৰেচিডউ৩৯২বোৰোচিল বিকাৰ , থাৰ্মো মিটাৰ , অ'ভেন , পিপেট আদি .
১২.Carbondisulphide ৰ দ্ৰব্য গুণ৪১২বোৰোচিল বিকাৰ , Trichloroethylene, ফিল্টাৰ পেপাৰ  আদি .
১৩.ইলাষ্টিক ৰিকোভাৰী২৬৬ডাক্টিলো মিটাৰ , শীতলীকৰণ যন্ত্ৰ আদি .
১৪.পানী পৰিমাণ নিৰূপন৩৯২ডীন আৰু স্পাৰ্ক সামগ্ৰী
১৫.বিটুমেন শাখা তাপ হেৰু‌ৱাৰ নিৰ্ধাৰন৪১৭বোৰোচিল বিকাৰ , থাৰ্মো মিটাৰ , অ'ভেন , ভাৰসাম্যতা আদি .
১৬.মাৰ্শ্বাল ষ্টেবিলিটি মিশ্ৰিত ডিজাইন৩৬৪৩স্বয়ংক্ৰীয় হাতুৰীৰে মাৰ্শ্বাল ষ্টেবিলিটি সামগ্ৰী   , মাৰ্শ্বাল মাউল্দ, হাত কম্পেক্টৰ ,মাষ্টিক মিশ্ৰণ , থাৰ্মো মিটাৰ , অ'ভেন , গৰম কৰা সামগ্ৰী  আদি .
১৭.ষ্ট্ৰিপিং মূল্য১৪০বোৰোচিল বিকাৰ ,‌ৱাটাৰ বাথ , থাৰ্মো মিটাৰ , গৰম কৰা সামগ্ৰী  আদি .
১৮.মাষ্টিক আস্ফাল্ট (ডিজাইন )৩৬৪৩ গৰম কৰা সামগ্ৰী , থাৰ্মো মিটাৰ , মাষ্টিক মাউল্দ, কঠিনতা  নম্বৰ মেছিন .