হ্ৰস্বম্যাদী আলোচনাই অসম পথ গৱেষণা প্ৰতিষ্ঠান (ARRTI) ক কেৱল উত্তৰ পূৰ্বাঞ্চলৰ বাবে নহয়, সমগ্ৰ ভাৰতৰ বাবে মূলত: আনুষ্ঠানিক প্ৰশিক্ষণ আৰু গৱেষণা অনুষ্ঠানলৈ পৰিৱৰ্তিত কৰিবলৈ অসম PWRD ক এখনি পথ-মেপ বনোৱা আৰু ৰূপায়নৰ বাবে প্ৰয়োজনীয় সাহাৰ্য প্ৰদান কৰিব । ৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰি ৩০ জুলাই ২০১৭ত শেষ হোৱাকৈ ৩২ দিনীয়া আলোচনা অনুষ্ঠান পাতিবৰ বাবে বিশ?ব বেংকে STCক দায়িত্ব দিছিল। এই অধ্যয়নৰ শুভাৰম্ভ ৬ ফেব্ৰুৱাৰী,২০১৭তে হৈছিল ।
অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ আদেশ নং RBEB 136/773 মতে ৪ নভেম্বৰ,২০১৭ তাৰিখে পথ গৱেষণা পৰীক্ষাগাৰ (RRL) প্ৰতিষ্ঠিত হৈছিল আৰু ইয়াৰ সঞ্চালক(চুপাইন্টেণ্ডিং ইঞ্জিনীয়াৰৰ ৰেংকত) ৰ পদটো সৃষ্টি কৰা হৈছিল । অসম চৰকাৰৰ মেমো নং RBEB.82/2013/31-A তাং ৭ জুন, ২০১৩ মতে আৰু চৰকাৰৰ আদেশ মতে RRL ক নতুনকৈ নামাকৰণ কৰা হয় অসম পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান হিচাপে । সঞ্চালকৰ পদটো অতিৰিক্ত মুখ্য অভিযন্তালৈ উন্নিতকৰণ কৰা হয় ৩১ ডিচেম্বৰ,২০০৪ তাৰিকৈ PWD আদেশ নং CON 66/2004/1 মৰ্মে । তেতিয়াৰ অসমৰ মুখ্য মন্ত্ৰীয়ে ARRTIৰ উদ্বোধন কৰে ১৮ জুলাই, ২০১৩ তাৰিখে । ৩ মাৰ্চ, ২০১৬ তাৰিখে অধিক পৰিসৰত কৰ্মপন্থা ৰচিবলৈ অসম চৰকাৰে এখন জাননী জাৰি কৰে ।
এই প্ৰতিবেদনৰ মতামতসমূহ লোৱা হৈছিল :
প্ৰতিবেদনখন দুটা ভাগত বিভক্ত কৰা হৈছে
যিহেতু ই হৈছে এটা সামগ্ৰিক অধ্যয়ণ "as is" ARRTI ৰ প্ৰতিষ্ঠান, সম্পদ আৰু কৰ্মপন্থা যিয়ে বৰ্তমানৰ পূঁজিৰ সময়ত সাম্প্ৰতিক সা-সামগ্ৰী আৰু সম্পদেৰে বৰ্তমানৰ চৰকাৰৰ সফলতা আৰু চলিত সফলতা অনাৰ সামৰ্থ্য আৰু উদ্যোগৰ প্ৰয়োজনীয়তা তথা কামৰ ক্ষেত্ৰত কৰিব পৰা আশা-ভৰসা , গুণগত গৱেষণা, পৰীক্ষা আৰু কৰ্মচাৰীৰ প্ৰশিক্ষণৰ কথা ভাৱে ।
খচৰা উন্নয়ণ পৰিকল্পনা যিয়ে ০-৬ বছৰ সময়সীমাৰ ভিতৰত ARRTI ক অধিক সুস্থ আৰু উন্নত পাৰদৰ্শিতা 'ব্যৱসায় মডেল'লৈ পৰিবৰ্তত কৰিব পাৰে, পূঁজি বা প্ৰয়োজনীয় সা-সুবিধা বা সা-সামগ্ৰী বা মানৱ-সম্পদ বা প্ৰণালীৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা পৰিবৰ্তনসমূহ চিনাক্ত কৰি ARRTI ক আধুনিক, কম-খৰচী প্ৰযুক্তি তথা সেৱা প্ৰদান কৰিবপৰা কৰিব পাৰে ।
AS-ISৰ প্ৰতিবেদনত চিনাক্ত হোৱা ইচ্চ্যুসমূহৰ বিষয়ত উন্নয়নৰ কৌশল-পৰিকল্পনাৰ প্ৰস্তাৱৰ যোগেদি উচিত পদক্ষেপ লোৱা হৈছে ।
অন্য ৰাজ্যৰ PWDৰ পৰা, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ পলিছি তথ্য-পাতিৰপৰা, প্ৰতিবেদন আৰু অন্য নথিৰপৰা এই প্ৰতিবেদনৰ পৰামৰ্শসমূহ চালি-জাৰি চাবলৈ যত্ন কৰা হৈছে ।
এই STCৰ SOW ৰ সম্পূৰ্ণ কাভাৰেজ সংযোজন-২ত থকা মেট্ৰিক্সত দেখুওৱা ৰদৰে সকলো প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি পেৰা নম্বৰসমূহ, SOWৰ ওপৰত ভিত্তি কৰি নিশ্চিত কৰা হৈছে । প্ৰতিবেদনৰ তথ্য সমূহ সাৰাংশ হিচাপে প্ৰতিবেদনৰ তলত মেট্ৰিক্স হিচাপে দিয় হ'ল ।